আহিছিলা তুমি এদিন জীৱনলৈ মুকুতাৰ মালা এধাৰি হৈ
জ্বলি জ্বলি ছাই হোৱা বুকুৰ শলিতাত
পুনৰুজ্জীৱনৰ পোহৰ দিবলৈ
নীৰৱে গুছি গলাগৈ এদিন
বোৱাই থৈ অশ্ৰু দুচকুৰে
হৃদয় শলিতা ছাই হৈ গ’ল
নিষ্ঠুৰ প্ৰেমৰ জলন্ত দালানৰে।।
Tag: assamese poem
আধৰুৱা সপোন
আশাবোৰ দিঠক নহ’ল
বাস্তৱবোৰ সপোন হৈ গ’ল।
নিজক বিচাৰি পোৱাৰ তৰণাত
ভালপোৱাবোৰৰ মৃত্যু হ’ ল ।।
দোমোজাৰ মেৰপাকৰ সান্নিধ্যত
ভাবনাবোৰ উৎপীড়িত হ’ ল।
বেদনাৰ পৰিত্ৰাণ বিচাৰি
বালিছন্দাবোৰ ধুলি হৈ গ’ল।।
প্ৰহেলিকা
মনবোৰ কিয় জানো ইমান অশান্ত
সময়বোৰ নিষ্ঠুৰ মায়াময় গতিশীল।
পাইও হেৰুৱাৰ বেদনাবোৰ কাতৰ
অপেক্ষাবোৰ সীমাহীন নিশব্দতাপূৰ্ণ।।
প্ৰেম জটিল যন্ত্ৰণাকাতৰ বিক্ষোভিত
শান্তমনবোৰ উদ্দেগিক হোৱাৰ সৰঞ্জাম।
বুকুৰ গধূৰতাবোৰ আতৰাবলৈ নিৰুপায়
জ্বলি জ্বলি ছাই হবলৈ মোৰো মন নাই
ভালপোৱাই জানো সকলো??
যদি নিস্বাৰ্থবোৰ লাহে লাহে হেৰাই যায়
ৰঙা দলিচাৰ পৰা ভালপোৱাখিনি আজি
সময়ৰ প্ৰহেলিকাময় দুবাহুত।।।
দুৱাৰদলি
হৃদয় কবিতা আজি ধিমিক-ধামাক
বিষন্নতাৰ প্ৰান্তত কাতৰ দুভৰি,
বাৰে বাৰে থমকিছো উভতিছো
পাহৰিব পৰা নাই অতীত স্মৃতি।।
নিহাৰ হৈ পৰিছে দেহটো,
দুখুজ আগুৱালেই এজাক পোহৰ
তথাপিও বিষন্নতা পূর্ণ বিভোৰতা
হয়তো বাস্তৱিকতাৰ দুৱাৰদলিত
সপোনৰ শেষ প্ৰচেষ্টা,
কুটিল সময়ৰ নিষ্ঠুৰ আবেগিকতাৰে।।
তুমি
সপোনৰ বাগিছাৰ ফুলকুঁৱৰী তুমি,
ফুলৰ জোপোহাৰ মাজৰ এচেৰেঙা ৰ’দালি
মেঘ ফালি ওলাই অহা উজ্জ্বল, ৰক্তবৰ্ণ…
পশ্চিমৰ আবেলিৰ হেঙুলীয়া আভা
গধূলিৰ দুবৰিত নিয়ৰৰ প্ৰথম চুমা
দিগন্তৰ সীমনাত ঘৰমুখী পক্ষীৰ তীব্ৰবেগী যাত্ৰা
এৰি থৈ মোৰ মনৰ ব্যাকুলতা।
ক্ৰমশঃ এন্ধাৰ নামি আহে
নামঘৰত দবা বাজে
কীৰ্তনৰ সুৰীয়া শ্লোকৰ মহিমাই
সন্ধিয়াবোৰ জীপাল কৰি তোলে…
আকৌ ৰাতিপুৱা হয়
দুবৰিৰ দলিচাত নিয়ৰবোৰ ভাহি উঠে,
ৰক্তবৰ্ণ হৈ জিলিকি উঠে সুৰুযৰ আগমনত তোমাৰ দুচকুৰ পটা…
কথা-কবিতা
শেৱালিৰ সুবাসে আৱৰি ৰাখিছে ৰাতিটো
কহুৱাবোৰ প্ৰাণ পাই উঠিছে সেই সুবাসত,
নৈৰ গড়াত ভেটফুলবোৰে গুণ গুণাইছে
নাছি উঠিছে চন্দ্ৰমা স্ফটিক পানীত।
সোণোৱালী হৈ পৰিছে পথাৰখন
প্ৰভাতৰ প্ৰথম পৰশত সোণোৱালী মুকতা হৈ জিলিকিছে
দুৰণিৰ আকাশখন ক্ৰমাৎ ৰঙচুৱা হৈ উঠিছে
শেৱালিবোৰ ক্ৰমশঃ ম্লান পৰি গৈছে সুৰুযৰ আগমন
হয়তো জোনাকৰ স্নিগ্ধতা বিছাৰি দুখত ম্ৰিয়মাণ হৈছে।।
শৰতৰ প্ৰথমটো আবেলি মোৰ মনত আছে
তুমি ৰৈ আছিলা নৈৰ পাৰত
কহুৱাবোৰে তোমাক চাই হাঁহি আছিল
কুল কুল শব্দ কৰি নৈখনে তোমাৰ লগত কথা পাতিছিল
হয়তো ভেটফুলবোৰে ভাৱিছিল কিয় তুমি ইমান ধুনীয়া…!!
নিশব্দতা
নিশব্দ কোঠাটোত অকলশৰে মই
তীব্ৰবেগী ঘূৰ্ণমান ফেনখনে ৰুধিব পৰা নাই নিশব্দতাবোৰ
পাৰ ভাগি বৈ অহা নদীখনৰ দৰে
আগবাঢ়ি আহিছে নিশব্দতাবোৰ
ক্ৰমশঃ নিজকে হেৰুৱাই পেলাইছো
নাই কোনো নাই মোৰ নিশব্দতাৰ আৱৰণখন আতৰাবলৈ
আছো মাথো মই অকলে ৰৈ
নিশব্দতাৰ মেৰুত অকলশৰীয়া হৈ।
বিছাৰিছো এধানি কোমল মাত
এখনি মৰমৰ হাত
যিয়ে মচি নিকা কৰি দিব এই নিশব্দতাৰ আৱৰণ
নোৱাৰিছো মই
কাণখন অধিৰ হৈ পৰিছে
মাথো শুনিব বিছাৰিছো
তুমি মোৰ মাথো মোৰ ভাষাত
এষাৰি মৰমৰ মাত….