তুমি

সপোনৰ বাগিছাৰ ফুলকুঁৱৰী তুমি,
ফুলৰ জোপোহাৰ মাজৰ এচেৰেঙা ৰ’দালি
মেঘ ফালি ওলাই অহা উজ্জ্বল, ৰক্তবৰ্ণ…
পশ্চিমৰ আবেলিৰ হেঙুলীয়া আভা
গধূলিৰ দুবৰিত নিয়ৰৰ প্ৰথম চুমা
দিগন্তৰ সীমনাত ঘৰমুখী পক্ষীৰ তীব্ৰবেগী যাত্ৰা
এৰি থৈ মোৰ মনৰ ব্যাকুলতা।
ক্ৰমশঃ এন্ধাৰ নামি আহে
নামঘৰত দবা বাজে
কীৰ্তনৰ সুৰীয়া শ্লোকৰ মহিমাই
সন্ধিয়াবোৰ জীপাল কৰি তোলে…
আকৌ ৰাতিপুৱা হয়
দুবৰিৰ দলিচাত নিয়ৰবোৰ ভাহি উঠে,
ৰক্তবৰ্ণ হৈ জিলিকি উঠে সুৰুযৰ আগমনত তোমাৰ দুচকুৰ পটা…

কথা-কবিতা

শেৱালিৰ সুবাসে আৱৰি ৰাখিছে ৰাতিটো
কহুৱাবোৰ প্ৰাণ পাই উঠিছে সেই সুবাসত,
নৈৰ গড়াত ভেটফুলবোৰে গুণ গুণাইছে
নাছি উঠিছে চন্দ্ৰমা স্ফটিক পানীত।

সোণোৱালী হৈ পৰিছে পথাৰখন
প্ৰভাতৰ প্ৰথম পৰশত সোণোৱালী মুকতা হৈ জিলিকিছে
দুৰণিৰ আকাশখন ক্ৰমাৎ ৰঙচুৱা হৈ উঠিছে
শেৱালিবোৰ ক্ৰমশঃ ম্লান পৰি গৈছে সুৰুযৰ আগমন
হয়তো জোনাকৰ স্নিগ্ধতা বিছাৰি দুখত ম্ৰিয়মাণ হৈছে।।

শৰতৰ প্ৰথমটো আবেলি মোৰ মনত আছে
তুমি ৰৈ আছিলা নৈৰ পাৰত
কহুৱাবোৰে তোমাক চাই হাঁহি আছিল
কুল কুল শব্দ কৰি নৈখনে তোমাৰ লগত কথা পাতিছিল
হয়তো ভেটফুলবোৰে ভাৱিছিল কিয় তুমি ইমান ধুনীয়া…!!

নিশব্দতা

নিশব্দ কোঠাটোত অকলশৰে মই
তীব্ৰবেগী ঘূৰ্ণমান ফেনখনে ৰুধিব পৰা নাই নিশব্দতাবোৰ
পাৰ ভাগি বৈ অহা নদীখনৰ দৰে
আগবাঢ়ি আহিছে নিশব্দতাবোৰ
ক্ৰমশঃ নিজকে হেৰুৱাই পেলাইছো
নাই কোনো নাই মোৰ নিশব্দতাৰ আৱৰণখন আতৰাবলৈ
আছো মাথো মই অকলে ৰৈ
নিশব্দতাৰ মেৰুত অকলশৰীয়া হৈ।

বিছাৰিছো এধানি কোমল মাত
এখনি মৰমৰ হাত
যিয়ে মচি নিকা কৰি দিব এই নিশব্দতাৰ আৱৰণ

নোৱাৰিছো মই
কাণখন অধিৰ হৈ পৰিছে
মাথো শুনিব বিছাৰিছো
তুমি মোৰ মাথো মোৰ ভাষাত
এষাৰি মৰমৰ মাত….