সকলোবোৰ চোন আজি ভেলেন্টাইন হৈ ঘূৰি ফুৰিছে
মাথো ৰৈ আছো মই নিস্তব্ধ কোঠালীত শূন্যতাৰ দুহাত মেলি
গভীৰ আৱেগেৰে অপেক্ষাৰত তোমাৰ ভালপোৱালৈ বুলি….॥
Day: May 12, 2019
এন্ধাৰ
তমসাময়ী ৰাতিৰ বুকুত নিস্তব্ধতাৰ প্ৰহেলিকা
কান্দোনৰত জিলিৰ মাতত বুকুৰ গভীৰতা
অনুভৱৰ একাজলি আৱেগত প্ৰতিচ্ছবিৰ ধূসৰতা
শূন্যতাই গ্ৰাস কৰা মোৰ বুকুত একাজলি এন্ধাৰৰ তীব্ৰতা॥
মৰম
দিগন্তৰ সীমনাত অস্তগামী সূৰুযৰ হেঙুলীয়া বুলনি,
সোণোৱালী পানীত ঢৌ খেলি নামি আহ আন্ধাৰ একুকি।
নিস্তব্ধ দিগন্তৰ সীমনাত অপেক্ষাৰত মই অকলে আজি,
কিজানিবা দিগন্ত বলয়ত জিলিকি উঠে তোমাৰ হৃদয় পখিটি
লৈ মোৰ বাবে মৰম একাজলি.
জন্মদিন
সূৰুযৰ প্ৰথম কিৰণৰ হেঙুলীয়াবোৰ
তোমাৰ সজল দুচকুৰ বিচ্ছন্নতাবোৰ
এমুখ হাঁহিৰে উপচি পৰা ৰঙচুৱাবোৰ
আৰু মনৰ গোপন কোণত ভাহি থকা প্ৰণয়বোৰ
সকলো যেন আজি নতুন নতুন…
কিয় বাৰু!!!
কি যে পাগল মই
তোমাৰ জন্মদিনৰ প্ৰাকক্ষণত টো সকলো নতুন
অ জানা তোমাৰ জন্মদিন- বহুত নতুন।
দোকমোকালিৰ সুৰুযৰ প্ৰথম কিৰণৰ দৰে জানা॥
ব্যাকুলতা
বিছৰা ব্যাকুলতাবোৰ হেৰাইছে আজি
শব্দবিহীনতাৰ মেৰুত আছো আমি দুয়ো
এপল এপলকৈ নীৰৱতাবোৰে আগুৰি আহিছে
শিকলিডালে হাতখন জোৰকৈ বান্ধি ৰাখিছে॥
সময়বোৰ নিষ্ঠুৰ নিসংস কূটিল
হেৰুওৱাৰ উপক্ৰম হৈছো বিধানৰ বলিত
বুজিবা জানো তুমি, হয়তো বুজিবা
বুজিছো তোমাৰ হৃদয়ৰ বিচ্ছনতাবোৰ
ৰেপি ৰেপি কাটিছে জানোৱাৰ বোৰে
তথাপিও নীৰৱ মই
মাথো কটা টুকুৰাবোৰ জোৰা দিয়াৰ মন
আকৌ গঢ়ি তুলিম মোৰ মৰমৰ মাইনাজনীক
একেবাৰে নতুনকৈ সকলোৰে অদিষ্টিত…॥